Burhi Dihingor Parore Lyrics | বুঢ়ীদিহিংৰ পাৰৰে- ৰাংঢালী | Krishnamoni Chutia | Rangdhali Bihu

Burhi Dihingor Parore Lyrics | Krishnamoni Chutia | Rangdhali Bihu
Burhi Dihingor Parore Lyrics | Krishnamoni Chutia | Rangdhali Bihu


Burhi Dihingor Parore: The one of the lovely song which has a Assamese Folk Bihu Song from the Latest Assamese Bihu album Rangdhali (2015). This is sung beautifully by Krishnamoni Chutia and Suman Baruah. The music of this new song is also given by Krishnamoni Chutia. While lyrics and tune compose by Krishnamoni Chutia and Niyor Kashyap. The music label of GK Maina.

Singer: Krishnamoni Chutia & Suman Baruah
Music: Krishnamoni Chutia
Lyrics/Tune: Krishnamoni Chutia & Niyor Kashyap


বুঢ়ীদিহিংৰ পাৰৰে মৌজা চাচনী
আৰু আছে মেৰবিলখনি অতি শুৱনি 
সেউজীয়া পথাৰখনি চাচনীৰে বোকা মাটি 
একা বেকা কেচা আলি চাচনীৰে বোকা মাটি
পিছে চাচনীৰে পিৰীতিযে পাহৰিব নোৱাৰি 
বুঢ়ীদিহিংৰ পাৰৰে মৌজা চাচনী
আৰু আছে মেৰবিলখনি অতি শুৱনি ।

    চাচনী বৰ ধুনীয়া ৰূপে ৰসেৰে ভৰা 
এবাৰ আহি যোৱাহি সখী পাহৰিবকে নোৱাৰিবা
নানা জাতি উপজাতি চাচনী মিলনভূমি
মাঘ আৰু বহাগতে হবে কৰে ধেমালি 
গাভৰু দলং গোপনে মৰম 
মেৰবিলতে জানা সদায়ে লগ হম -২


খমখমীয়া মুগাৰ সাজত চাচনীৰে নাচনীজনী 
টুপটুপিয়া দুগালতে জিলিকে ৰঙা বেলিতি
মোৰ জীৱনৰ সোণালী দিন চাচনীতে আছে জিলিকি 
ককা আইতাৰ মৰম চেনেহ কাহানিও নাযাও পাহৰি 

বালিপৰা আমগুৰি চেঁচাবিল দিঘলী
হালোৱা সাপমাৰী দীঘলীয়া মহানি 
যৌৱনৰ ধেমালী 
পাহৰি যাবওতো নোৱাৰি অ' -২
সেয়ে চাচনীৰে পিৰীতি যে পাহৰিব নোৱাৰি ।



চপচপিয়া দৈয়াং পথাৰ শাওনৰে বোৱতী পানী 
হালোৱা ৰোৱনীয়ে পথাৰখন কৰে শুৱনি 
সোণগুটিৰে গেথুপথাৰ আঘোনৰে ডাৱনি জনী 
চকলা ৰবাব টেঙাৰ জুতি লয় নৰাণীত বহি

দদাইদেউৰ পদুলি উদুলি মুদুলি
ভঁৰালত লখিমী পালেহি ভোগালী 
কত যে ধেমালি

এইয়াই আমাৰ চাচনী অ' -২
বুঢ়ীদিহিংৰ পাৰৰে মৌজা চাচনী
আৰু আছে মেৰবিলখনি অতি শুৱনি 
সেয়ে চাচনীৰে পিৰীতি যে পাহৰিব নোৱাৰি ।

BURHI DIHINGOR PARORE VIDEO

DOWNLOAD THE LYRICS:-👇


Conclusion About:-  Burhi Dihingor Parore Lyrics

I hope you guys like our post about the ''Burhi Dihingor Parore Lyrics'', So don't miss to share this post with social media friends.

Reactions

Post a Comment

0 Comments

close