Asune Kuxole Lyrics আছোনে কুশলে | Zubeen Garg | Priyanka Bharali | Sunit Gogoi | New Assamese Song 2022

 



Song : Asune Kushole Singer : Zubeen Garg, Priyanka Bharali Lyrics : Sunit Gogoi Composition : Sunit Gogoi, Bijoy Sankar Music : Bijoy Sankar Guitar Design : Ishanu, Gaurab Flute : Lakhinandan Lahon Piano : Mridupawan (Rick) Mix & Master : Diganta Bordoloi



জোনৰ টুকুৰা যেন
জোনাকী এটি আহি
উৰুঙা উৰুঙা মনৰ সুৰুঙাই সৰকি
উৰুৱাই নিলেহি
বকুল তললে
তয়ে ময়ে খেলা হঁহা ল'ৰালি দিনলে
আইতাৰ কোলালে,গধূলি বেলালে
পৰীৰে দেশলে,শিয়ালি ৰাতিলে !!
বহুদিনেই হ'ল ! তই দেখোন খবৰ ল'বলৈও এৰিলি দাদা !? কেনে আছ ? আছনে কুশলে ??
দিন ডুবে,তৰা ফুলে-
জীৱনো যায় আগলে
ভালেই আছো কওঁ ময়ো
কোনোবাই সুধিলে
সময়হে নাপাওঁ ভাবিবলে
আছোনে কুশলে ?
কুশলে আছোনে ?!?
সুখৰ সেউতী তোৰ নাযাৱক মৰহি
সোণৰ চেকুৰা হৈ নিতে থাক জিলিকি
দুখবোৰ আমি লওঁ তই থাক কুশলে
হাঁহি ৰ'ম দূৰতে তই হাঁহি ৰ'লে !!
কি ক'ম,তই কি বুজিবি !?
আজিকালি হাঁহিবলৈও ভয় লাগে জাননে ?! কিজানিবা দুখবোৰে আহি আকৌ কলিজা আচোঁৰে !!
সুখ যেন কাবুলি
ধাৰে লওঁ ধেমালি
হাঁহিবলে অকণ সময় !
ঘনে ঘনে আহি
কলিজাতে বহি
সুতে-মূলে গণি কাঢ়ি লয় !!
জীৱিকাৰ নেজ ধৰি জীৱন হেৰাই !
সহোদৰ আছে পিচে সময়হে নাই !!
কিনো ক'ম , কিনো তই বুজিবি ভনী
এয়াই.....
এয়াই আজিৰ কাহিনী !
এয়াই আমাৰ জীৱনী !!

Reactions

Post a Comment

1 Comments

Please do not enter any spam link in the comment box

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)

close