Khit Khit Lyrics | Neel Akash | Bhugali | Sunit Gogoi | Bijoy Sankar | New Assamese Song 2023


Song : Khit Khit Album : Bhugali Singer : Neel Akash Lyrics/Tune : Sunit Gogoi Music : Bijoy Sankar Mix/Mastered : Ibson Lal Baruah Produced By : Binod Baruah Planing : Bharat Saikia

খিট খিট খিটকৈ

মইনামতী

বজাই বজাই শিলগুটি

পথাৰৰে লিকে লিকে যাম

তোৰে নামত লগাওঁ যদি

বিহু কলি এটি 

হায় ঐ বুলি

টানি টানি গাম

দিম দিম দিমে বুলি

মৰম অকণ নিদিলি

পাছে পাছে ঘূৰাই

ব'ডিগাৰ্ডহে বনালি

সেইবুলি তোকে নাপাই নমৰো

দিহিঙত গৈ নপৰো

সেইবুলি তোকে নাপাই নমৰো

দিহিঙতেনো গৈ নপৰো

কপালতে লিখা জনী

যিদিনাখন পাম

তঁহতৰে পদূলিত

টেটু ফালি উকিয়াম

এ টেটু ফালি উকিয়াম মই



আগতে মোৰ ভৰিৰে

দেহা ঐ

খোজৰ মাতো চিনি পাৱ

এতিয়া মোৰ মৰমবোৰ

দেহা ঐ

কেনেকৈ পাহৰি যাৱ

আগতে মোৰ ভৰিৰে

দেহা ঐ

খোজৰ মাতো চিনি পাৱ

এতিয়া মোৰ মৰমবোৰ

দেহা ঐ

কেনেকৈ পাহৰি যাৱ

নজনালি কাকে বাৰু পাই

মোৰ দেহা ঐ

দিলি বুকুত মোলে থোৱা ঠাই

সেইবুলি তোকে নাপাই নমৰো

ভৰা দিহিঙত গৈ নপৰো

কপালতে লিখা জনী

যিদিনাখন পাম

তঁহতৰে পদূলিত

টেটু ফালি উকিয়াম

 টেটু ফালি উকিয়াম মই


মোক দেখি তই জধলা মধলা

ভুল কৰিলি ভাবি লৈ  অজলা

তই দেহমাই ভাবিছ হ'বলা

তোক নাপালে হ'মে মই পগলা

নজনালি কাকে বাৰু পাই

মোৰ দেহা ঐ

দিলি বুকুত মোলে থোৱা ঠাই

সেইবুলি তোকে নাপাই নমৰো

দিহিঙতেনো গৈ নপৰো

কপালতে লিখা জনী

যিদিনাখন পাম

তঁহতৰে পদূলিত

টেটু ফালি উকিয়াম

এ টেটু ফালি উকিয়াম মই

টেটু ফালি উকিয়াম

এ টেটু ফালি উকিয়াম মই





Reactions

Post a Comment

0 Comments

close