Manuhe Manuhar Babe (মানুহে মানুহৰ বাবে) Lyrics | Bhupen Hazarika



Singer Bhupen Hazarika
Singer Bhupen Hazarika
Music Bhupen Hazarika
Song Writer Bhupen Hazarika

মানুহে মানুহৰ বাবে

যদিহে অকনো নেভাবে

অকনি সহানুভূতিৰে

ভাবিব কোনেনো কোৱা সমনীয়া?

মানুহে মানুহৰ বাবে

যদিহে অকনো নেভাবে

অকনি সহানুভূতিৰে

ভাবিব কোনেনো কোৱা সমনীয়া?

মানুহে মানুহৰ বাবে


(মানুহে মানু্হক বেচিব খুজি

মানুহে মানুহক কিনিব খুজি)2

পূৰণি ইতিহাস দোহাৰিলে

ভুল জানো নহʼব কোৱা ?

সমনীয়া

মানুহে মানুহৰ বাবে

যদিহে অকনো নেভাবে

অকনি সহানুভূতিৰে

ভাবিব কোনেনো কোৱা সমনীয়া?

মানুহে মানুহৰ বাবে



(দুৰ্বল মানুহে যদি

জীৱনৰ কোবাল নদী

পাৰ হয় তোমাৰে সাহত

তুমি হেৰুৱাবানো কি?)2

(মানুহ যদিহে নহয় মানুহ

দানৱ কাহানিও নহয় মানুহ)2

যদি দানৱ কাহানিবা হয় মানুহ

লাজ পাব কোনেনো কোৱা ?

সমনীয়া

মানুহে মানুহৰ বাবে

যদিহে অকনো নেভাবে

অকনি সহানুভূতিৰে

ভাবিব কোনেনো কোৱা সমনীয়া?

মানুহে মানুহৰ বাবে

যদিহে অকনো নেভাবে

অকনি সহানুভূতিৰে

ভাবিব কোনেনো কোৱা সমনীয়া?

মানুহে মানুহৰ বাবে