Asom Amar Rupahi (অসম আমাৰ ৰূপহী) | Bhupen Hazarika



Singer Bhupen Hazarika
Singer Bhupen Hazarika
Music Bhupen Hazarika
Song Writer Bhupen Hazarika

অসম আমাৰ ৰূপহী গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।

অসমী আই ৰূপহী গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।



(গোটেই জীৱন বিচাৰিলেও

অলেখ দিৱস ৰাতি)-2

অসম দেশৰ দৰে নেপাওঁ

ইমান ৰসাল মাটি ।

অ’ চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিবেশ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।


(ব'হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে)2

মাঘত সোণৰ হাতেৰে লখিমী আদৰে

শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ

অ' ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।


পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে

তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেঁতু গঢ়ে

(লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ)2

জন্ম ল'লোঁ ইয়াতেই, ইয়াতেই যেন মৰোঁ 

অ’ জন্ম ল'লোঁ ইয়াতেই, ইয়াতেই যেন মৰোঁ

পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।


অসমী আমাৰ ৰূপহী গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।