BOROXUN Lyrics - Zubeen Garg | Jayanta Kakati | Sasanka Samir | Bablu | BRINDABAN THEATRE SONG

 


মেঘৰ  পানী পখী হৈ 

নামি আহা মাটি লৈ

সুৰৰ চুলি মেলি লৈ 

নামি আহা গান হৈ 

মেঘৰ পানী পখী হৈ 

নামি আহা মাটি লৈ 

মিঠা জোনৰ বাঁহী হৈ 

নাচি আহা বুকুলৈ 

তুমি প্ৰথম প্ৰেমৰ ৰুণ

তুমি সপোনৰ ৰুণ জুন 

ভাল লগা বৰষুণ 

ভাল পোৱা বৰষুণ

মেঘৰ পানী পখী হৈ 

নামি আহা মাটি লৈ

সুৰৰ চুলি মেলি লৈ 

নামি আহা গান হৈ 


মন হেৰুৱাৰ বন 

তুমি তাতেই ৰং 

মই বালিচৰ তুমি মোৰেই 

নীলা বৰষুণ 

মোৰ ৰাতিৰো দিন 

তুমি তাতেই লীন 

মোৰ পথাৰৰ কঠিয়াৰে 

মৰম বৰষুণ 

তুমি প্ৰথম প্ৰেমৰ ৰুণ

তুমি সপোনৰ ৰুণ জুন 

ভাল লগা বৰষুণ 

ভাল পোৱা বৰষুণ

মেঘৰ পানী পখী হৈ 

নামি আহা মাটি লৈ

সুৰৰ চুলি মেলি লৈ 

নামি আহা গান হৈ 


চিপ চিপিয়া ফুল 

তুমি মোৰেই সোণ 

মোৰ হৃদয়ৰ বেহিচাপী 

তুমি বৰষুণ 

কলপতীয়া বোল 

তুমি মোৰ ফাগুণ

মোৰ আৱেগৰ জেঠ মাহৰো 

তুমি বৰষুণ 

তুমি প্ৰথম প্ৰেমৰ ৰুণ

তুমি সপোনৰ ৰুণ জুন 

ভাল লগা বৰষুণ 

ভাল পোৱা বৰষুণ

মেঘৰ পানী পখী হৈ 

নামি আহা মাটি লৈ

সুৰৰ চুলি মেলি লৈ 

নামি আহা গান হৈ 


Reactions

Post a Comment

0 Comments

close